Psalms 82

আচফৰ ৰচিত গীত।

1ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে;
দেৱতাসকলৰ সেই সভাত তেৱেঁই বিচাৰ কৰে।
2“কিমান কাললৈকে তোমালোকে অন্যায় বিচাৰ কৰিবা আৰু দুষ্টবোৰৰ পক্ষত থাকিবা? (চেলা)

3তোমালোকে দৰিদ্ৰ আৰু অনাথসকলৰ প্রতি ন্যায়বিচাৰ কৰা;

দুখী আৰু দীনহীনৰ ন্যায্য অধিকাৰ ৰক্ষা কৰা।
4দুখীয়া আৰু কঙালক বঁচোৱা;
দুষ্টবোৰৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰা।”

5তেওঁলোকৰ জ্ঞান আৰু বিচাৰ-বুদ্ধি বুলি একো নাই;

চাৰিওফালে অন্ধকাৰতে তেওঁলোক ফুৰে;
পৃথিবীৰ আটাই ভিত্তিমূলবোৰ কঁপি উঠিছে।

6মই ক’লো, “তোমালোকেই দেৱতাসকল;

তোমালোক সকলোৱেই সৰ্ব্বোপৰি জনাৰ সন্তান।
7কিন্তু তথাপিও তোমালোক মনুষ্যৰ দৰে মৰিবা;
অধিপতিসকলৰ এজনৰ দৰেই তোমালোকৰ পতন হ’ব।”


হে ঈশ্বৰ, তুমি উঠা, পৃথিবীৰ বিচাৰ কৰা;

কিয়নো সমুদায় জাতি তোমাৰ অধিকাৰত আছে।
8

Copyright information for AsmULB